সৰুপথাৰ মহাবিদ্যালয়ত টাটা ষ্ট্ৰাইভৰ কৰ্ম সংস্থাপন বিষয়ক কৰ্মশালা।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ত টাটা ষ্ট্ৰাইভৰ কৰ্ম সংস্থাপন বিষয়ক কৰ্মশালা।

১৯ নৱেম্বৰ, ২০২৬ তাৰিখে টাটা ষ্ট্ৰাইভৰ উদ্যোগ আৰু নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত সৰুপথাৰ মহাবিদ্যালয়ত কৰ্মমুখী যুৱক-যুৱতীসকলৰ বাবে কৰ্ম সংস্থাপনৰ উদ্দেশ্যেৰে এটি কৰ্মশালা অনুষ্ঠিত হয়। প্ৰায় ৭০ গৰাকী আগ্ৰহী যুৱক-যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰে। নুমলীগড় শোধনাগাৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত মাত্ৰ কেইমাহমানৰ প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে টাটাৰ অন্তৰ্গত প্ৰতিষ্ঠানসমূহত কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মশালাত নুমলীগড় শোধনাগাৰৰ বিষয়া শ্ৰীআশিস বৰুৱাৰ লগতে টাটাৰ কেইবাগৰাকীও প্ৰশিক্ষক উপস্থিত থাকে। আঁত ধৰে সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীসত্যব্ৰত দত্তই।