Students achievement

Home >NewsEvent >Students achievement
যাত্ৰা অসীম অনন্ত....
ছাত্ৰ-ছাত্ৰীৰ সাফল্য 

২০ আৰু ২১ ডিচেম্বৰ, ২০২৫ তাৰিখে দিখৌমুখ মহাবিদ্যালয়ত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় ভাৰ উত্তোলন, শক্তি উত্তোলন আৰু শৰীৰ-চৰ্চা প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে সৰ্বমুঠ ৭টা পদক(৪ টা স্বৰ্ণ, ১টা ৰূপ, ২টা তাম) লাভ কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। খেলুৱৈসকলৰ ভিতৰত ৰিমন কাকতি, মানস প্ৰতিম সোণোৱাল, আস্থা গগৈ আৰু ৰশ্মি মেচ এ স্বৰ্ণ পদক অৰ্জন কৰিছে। সেইদৰে দুংখাম তুৰুঙে ৰূপ, একতা তুৰুঙ আৰু ৰশ্মি মেচ এ তামৰ পদক লাভ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাত স্বাভাৱিকতেই মহাবিদ্যালয় পৰিয়ালবৰ্গ আনন্দিত হৈছে। ছাত্ৰ-ছাত্ৰীসকললৈ মহাবিদ্যালৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।