সৰুপথাৰ মহাবিদ্যালয়ত শিল্পী দিৱস উদযাপন।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ত শিল্পী দিৱস উদযাপন।

১৭ জানুৱাৰী ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় শিল্পী দিৱস । মহাবিদ্যালয়ৰ বাকৰিত দেৱলাত থকা সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ববিতা দত্তই জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষেয় ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত বক্তব্য দাঙি ধৰে। সমান্তৰালকৈ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক স্মিতা চেতিয়াই সহযোগিতা আগবঢ়ায়।

উল্লেখযোগ্য যে প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত শিল্পী দিৱস হিচাপে উদযাপন কৰা হয় । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম লাভ কৰিছিল। ১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল অসমৰ প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, চলচিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।