গৌৰৱোজ্বল সোণালী জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি আজি সৰুপথাৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগ আৰু বৰপথাৰ মহাবিদ্যালয়ৰ সহযোগত মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত "ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত ইয়াৰ ৰূপায়ন" শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। বিশিষ্ট শিক্ষাবিদ,গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড.অলক কুমাৰ বুঢ়াগোহাঁই ডাঙৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত থকা এই কৰ্মশালাত কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, জেডিএছজি মহাবিদ্যালয়, বোকাজান মহাবিদ্যালয়, দেওপানী মহাবিদ্যালয় প্ৰমুখ্যে ধনশিৰি মহকুমাৰ প্ৰায়খিনি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰে। সৰুপথাৰ মহাবিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ "বাঙ্ময় ২০২১-২২" ৰ লগতে ড. প্ৰেমকান্ত বৰাৰ Dynamics of Ethnic Groups and Conflicts in North East India শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়।