সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত, মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু সৰুপথাৰ শাখা সাহিত্য সভাৰ সহযোগত ২১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' মহাবিদ্যালয়ৰ মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ববিতা দত্তই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে। অতিথিৰ সম্বৰ্ধনাৰ পাছতে আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ প্ৰাপ্তি ঠাকুৰে। প্ৰতিবছৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগে মাতৃভাষা দিৱস পালন কৰি আহিছে যদিও এইবাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিস্তৃত কাৰ্যসূচীৰে এই অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে বুলি অধ্যক্ষা মহোদয়াই মত পোষণ কৰে । আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ সৈতে সংগতি ৰাখি "অসমীয়া ভাষা-সাহিত্যৰ ধ্ৰুপদী স্বৰূপ: ঐতিহ্য আৰু ৰূপান্তৰ" বিষয়ক বক্তৃতাৰ এটি মনোজ্ঞ অনুষ্ঠান সম্পন্ন হয়। আজিৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ বীনাপাণি দেৱী কটকী আৰু আউনীআটী বিশ্ববিদ্যালয়, যোৰহাট টীয়কৰ অধ্যাপক, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়-যোৰহাটৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা। নৱপ্ৰজন্মৰ ভাষাৰ ক্ষেত্ৰত আহি পৰা সমস্যা, আধুনিকতাই আনি দিয়া নতুন নতুন শব্দৰ আমদানি, লোকসাহিত্যৰ স্বৰূপ, মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা, ভাষাৰ সংৰক্ষণ আৰু বিচিত্ৰতা সম্পৰ্কত নিৰ্দিষ্ট বক্তা অধ্যাপক বীণাপাণি দেৱীয়ে সাৱলীল ভাষণ প্ৰদান কৰে। অধ্যাপক-গৱেষক জ্যোতিৰেখা হাজৰিকাই তেখেতৰ ভাষণত অসমীয়া ভাষাৰ ঐতিহ্য আৰু ৰূপান্তৰ সম্পৰ্কত তত্বগধুৰ বক্তব্য প্ৰদান কৰে। ভাষা এটাৰ স্বকীয় মৰ্যাদা ৰক্ষাত নৱপ্ৰজন্মৰ গুৰুদায়িত্ব আছে বুলিও মন্তব্য কৰে।







