৭ নৱেম্বৰ, ২০২৬ তাৰিখে নৱেম্বৰ মাহৰ প্ৰথমটো শনিবাৰ অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ সহযোগত প্ৰতি মাহৰ প্ৰথমটো শনিবাৰে অনুষ্ঠিত কৰি অহা হৈছে এটি মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ ।শনিবাৰে টেঙাহোলা উপ স্বাস্থ্য কেন্দ্ৰত সেই অঞ্চলৰ ৰাইজৰ মাজত এই শিবিৰ সম্পন্ন কৰা হয়। চাৰিটাকৈ বছৰ অতিক্ৰম কৰা এই স্বাস্থ্য শিবিৰৰ বাবে কৃতজ্ঞ হৈ থাকিব লাগিব সৰুপথাৰ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজিত গগৈদেৱৰ ওচৰত।








