দয়ানন্দ বিদ্যা নিকেতনৰ এজাক জোনাকী সৰুপথাৰ মহাবিদ্যালয়ত।

Home >NewsEvent >দয়ানন্দ বিদ্যা নিকেতনৰ এজাক জোনাকী সৰুপথাৰ মহাবিদ্যালয়ত।

২৮ অক্টোবৰ, ২০২৬ তাৰিখে সৰুপথাৰৰ দয়ানন্দ বিদ্যা নিকেতনৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ মুঠ ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এক বিশেষ শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে সৰুপথাৰ মহাবিদ্যালয় দৰ্শন কৰে। বিদ্যায়তনিক তথা বৌদ্ধিক বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এই ভ্ৰমণত উৎসাহী শিক্ষাৰ্থীসকলে মহাবিদ্যালয়খনৰ সাহিত্যাচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয় (Museum) পৰিদৰ্শন কৰি জ্ঞানৰ এক নতুন দিগন্তৰ সৈতে পৰিচিত হোৱাৰ লগতে পথৰ পুথিভঁড়াল 'সংঘমিত্ৰ'ৰ অভিনৱ ধাৰণাটোৰ বিষয়েও অৱগত হয়। ইয়াৰ উপৰিও, অসমীয়া সমাজ জীৱন আৰু গ্ৰাম্য সংস্কৃতিৰ অবিচ্ছেদ্য অংগস্বৰূপ পুৰণিদিনীয়া ঐতিহ্যক সজীৱ কৰি ৰখা কেঁচা মাটিৰ ঘৰ 'আনন্দ কুটীৰ' দৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিপাৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান লাভ কৰাৰ সুযোগ পায়। প্ৰকৃতি আৰু কৃষিৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে তেওঁলোকে মহাবিদ্যালয় চৌহদত থকা জৈৱিক কেঁচুসাৰ উৎপাদন কেন্দ্ৰটিও পৰ্যবেক্ষণ কৰে আৰু এই সকলোবোৰ ব্যৱহাৰিক দিশ পুংখানুপুংখভাৱে চাই নিজৰ পাঠ্যক্ৰম তথা বিদ্যায়তনিক প্ৰয়োজনীয়তাৰ বাবে বহুতো মূল্যৱান তথ্য সংগ্ৰহ কৰে, যিয়ে তেওঁলোকৰ কিতাপৰ জ্ঞানক বাস্তৱিক ৰূপ দিয়াত যথেষ্ট সহায়ক হ'ব বুলি আশা কৰা হৈছে।