ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম নিস্বাৰ্থ যুঁজাৰু, অমৰ শ্বহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবাৰ্ষিকী তথা স্মৃতি দিৱস উদযাপনৰ অংশ হিচাপে আজি সৰুপথাৰত ভিন্ন প্ৰান্তত তেখেতৰ অপৰিসীম দেশপ্ৰেম আৰু সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰা হয়। ১৫ জুন ২০২৬ তাৰিখে শ্বহীদগৰাকীৰ অমল আদৰ্শক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ এক মহান উদ্দেশ্য আগত ৰাখি সৰুপথাৰ মহাবিদ্যালয়ৰ ‘কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰ’ৰ উদ্যোগত আৰু ভাৰতীয় ইতিহাস সংকলন সমিতিৰ গোলাঘাট জিলা সমিতিৰ সহযোগত মহাবিদ্যালয়ৰ মুহীকান্ত তামুলী প্ৰেক্ষাগৃহত কুশল কোঁৱৰ স্মৃদি দিৱস আৰু গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়। ১৯৭৭ চনতে প্ৰকাশিত "শ্বহীদ কুশল কোঁৱৰ" শীৰ্ষক গ্ৰন্থখনি শ্বহীদ পৰিয়ালৰ একান্ত আগ্ৰহত মহাবিদ্যালয় প্ৰকাশন কোষে আজি পুনৰ প্ৰকাশ কৰি উলিয়ায়। গ্ৰন্থখনি উন্মোচন কৰে বিধায়ক বিশ্বজিৎ ফুকনে। অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰ আৰু বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তৰ যুটীয়া সম্পাদনাত প্ৰকাশিত হয় গ্ৰন্থখন। যিয়ে শ্বহীদগৰাকীৰ জীৱন আৰু দৰ্শনৰ ওপৰত অধিক পোহৰ পেলাব বুলি আশা কৰা হৈছে। আৱেগিক আৰু মৰ্যাদাপূৰ্ণ অনুষ্ঠানটোত সুশীল শইকীয়াৰ বৰগীতেৰে শুভাৰম্ভ হয়। বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই আঁত ধৰা অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ হৈ তেখেতৰ নাতি মৃদুল কোঁৱৰ ডাঙৰীয়ায়ো উপস্থিত থাকি সমগ্ৰ অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে।










