৫ নৱেম্বৰ, ২০২৬ তাৰিখে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত তেখেতৰ পুণ্যতিথিত চলিত বৰ্ষৰ অন্তিমটো কাৰ্যসূচী 'কথা-গীত-মাতেৰে ভূপেন্দ্ৰ স্মৰণ' সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে মহাবিদ্যালয়খনে এই বৰ্ষত মুঠ তিনিটা বিশেষ কাৰ্যসূচী হাতত লৈছিল; ইয়াৰ পূৰ্বে ২৬ জুনত সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা আৰু ৮ ছেপ্টেম্বৰত ড০ কৰবী ডেকা হাজৰিকাৰ সহযোগিতাৰে এখনি সংগীতালেখ্য অনুষ্ঠিত হৈছিল। ৫ নৱেম্বৰৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ আছিল ড০ ববিতা দত্ত আৰু প্ৰাঞ্জল দত্তৰ সম্পাদনাত প্ৰকাশিত ''সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু দৰ্শন" শীৰ্ষক গ্ৰন্থখনৰ আনুষ্ঠানিক উন্মোচন। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ আৰু প্ৰাক্তন অধ্যক্ষ মণিপ্ৰভা বৰাৰ লগতে শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটি সাৰ্থক কৰি তোলে।









