৩ জানুৱাৰী, ২০২৬, জানুৱাৰী মাহৰ প্ৰথমটো শনিবাৰ।সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এইবাৰ মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ল বৰপথাৰ টেঙানিৰ আঁহতগুৰি এম ই স্কুলত। স্হানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি শতাধিক ব্যক্তিয়ে এই স্বাস্থ্য শিবিৰত অংশ গ্ৰহণ কৰে। সৰুপথাৰ অসামৰিক চিকিৎসালয়ৰ মুখ্য চিকিৎসক ড.অজিত গগৈৰ লগতে সংশ্লিষ্ট চিকিৎসা কৰ্মীসকলোলৈকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।





