সৰুপথাৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।

সৰুপথাৰ মহাবিদ্যালয়ৰ মহিলা কোষে এইবাৰ গ্ৰাম্য অঞ্চলৰ উদ্যমী নাৰীক উৎসাহ আৰু প্ৰেৰণা যোগাবৰ বাবে অসম-নাগালেণ্ড সীমান্তৱৰ্তী ১নং চুঙাজান দ-গাঁওখন নিৰ্বাচন কৰে। বৰ্তমান দ- গাঁৱৰ ৫০গৰাকী মহিলাই  ONGC ৰ সহযোগত আৰু  'কৃষ্টিৰ কঠিয়া 'ৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰি কাঠফুলা উৎপাদন কৰিছে। উন্নত পদ্ধতিৰে কাঠফুলা খেতি কৰাৰ লগতে তেওঁলোক কুকুৰা, ছাগলী, গাহৰি পালন, বয়নশিল্প আদি বিভিন্ন কামত নিয়োজিত হৈ নিজৰ লগতে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে। কাঠফুলাৰ পৰা বিভিন্ন বিস্কুট, আচাৰ, কেক আদি প্ৰস্তুত কৰি বজাৰত সমাদৰ পাবলৈ সক্ষম হৈছে। বিশেষকৈ ২০২৬ বছৰটো 'International year of Women Farmer' হিচাপে নিৰ্ধাৰণ কৰা হৈছে,  ঘৰে পথাৰে কৰ্মৰত মহিলাক অনুপ্ৰাণিত কৰাই ইয়াৰ উদ্দেশ্য। 'আন্তৰ্জাতিক নাৰী দিৱস' উপলক্ষে সৰুপথাৰ মহাবিদ্যালয় মহিলা কোষৰ তৰফৰ পৰা ৮মাৰ্চ তাৰিখে তেওঁলোকৰ কাম-কাজৰ পৰিদৰ্শন কৰাৰ লগতে দুগৰাকী উদ্যমী মহিলা চুঙাজান দ গাঁৱৰ ৰীতা দত্ত আৰু সৰুপথাৰ বাৰেঘৰীয়া গাঁৱৰ কাকুমণি শইকীয়াক গামোচা, সম্বৰ্ধনা পত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। 'International year of Women Farmer' ' -এই সম্পৰ্কে আলোচনা কৰি অনুষ্ঠানত মহিলাসকলক উদ্দেশ্যি প্ৰেৰণাদায়ক বক্তব্য ৰাখে মহাবিদ্যালয়ৰ মহিলা কোষৰ উপ-সভাপতি আৰু সহযোগী অধ্যাপক ড০ ববিতা দত্তই। সৰুপথাৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ আহ্বায়ক, সহকাৰী অধ্যাপক ৰিণি বেনাৰ্জী, মহাবিদ্যালয়ৰ মহিলা কোষৰ সদস্য আৰু সহকাৰী অধ্যাপক তৃস্মিতা বড়া আৰু  মেৰিলিন ইংতিপিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়।