"বিভিন্ন দশকৰ পুৰণি সম্পদসমূহৰ সঠিক যতন আৰু বৈজ্ঞানিক সংৰক্ষণ পদ্ধতি সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি।"
২৮ এপ্ৰিল, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ যাদুঘৰ (Museum)ত সংগ্ৰহালয়ৰ সম্পদ সংৰক্ষণ বিষয়ক এক গুৰুত্বপূৰ্ণ ব্যৱহাৰিক কৰ্মশালা অনুষ্ঠিত হয়। বিভিন্ন দশকৰ পুৰণি সম্পদসমূহৰ সঠিক যতন আৰু বৈজ্ঞানিক সংৰক্ষণ পদ্ধতি সম্পৰ্কে সজাগতা সৃষ্টি কৰাই আছিল এই অনুষ্ঠানৰ মূল লক্ষ্য। উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যোৰহাট জিলা সংগ্ৰহালয় বিষয়া অৱন্তিকা পৰাশৰ। তেওঁ নিজৰ সুদীৰ্ঘ অভিজ্ঞতাৰ আধাৰত পুৰণি সামগ্ৰীসমূহ কেনেকৈ দীৰ্ঘকাললৈ সুৰক্ষিত কৰি ৰাখিব পাৰি, সেই বিষয়ে এক সৰল অথচ তথ্যগধুৰ বাখ্যা দাঙি ধৰে। প্ৰশিক্ষণ কালত সংগ্ৰহালয় বিষয়াগৰাকীয়ে প্ৰাচীন সম্পদসমূহ সংৰক্ষণ কৰাৰ বিভিন্ন কাৰিকৰী দিশৰ ওপৰত আলোকপাত কৰে। বিভিন্ন ঐতিহাসিক সম্পদসমূহ কেনে পৰিৱেশত ৰখা উচিত। জলবায়ু বা আৰ্দ্ৰতাৰ পৰা সম্পদসমূহ কেনেকৈ ৰক্ষা কৰিব পাৰি। কি ধৰণৰ ৰাসায়নিক বা প্ৰাকৃতিক উপায় অৱলম্বন কৰিলে সম্পদসমূহ নষ্ট নোহোৱাকৈ থাকে ইত্যাদি দিশৰ জ্ঞান প্ৰদান কৰে। কেৱল তাত্ত্বিক আলোচনাতে সীমাবদ্ধ নাথাকি, কৰ্মশালাখনত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে কেইবাটাও ব্যৱহাৰিক দিশ প্ৰদৰ্শন কৰা হয়। অৱন্তিকা পৰাশৰে ছাত্ৰ-ছাত্ৰীসকলক হাতে-কামে সংৰক্ষণৰ প্ৰক্ৰিয়াসমূহ দেখুৱাই দিয়ে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ মহোদয়, অধ্যাপক-অধ্যাপিকাসকলৰ লগতে বহুসংখ্যক উৎসাহী ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। সংগ্ৰহালয়ৰ এই কৰ্মশালাৰ জৰিয়তে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ঐতিহাসিক সম্পদৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে যথেষ্ট উপকৃত হয়। স্থানীয় ইতিহাস আৰু ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ এই পদক্ষেপক প্ৰশংসনীয়।









