4 নৱেম্বৰ, 2026 তাৰিখৰ পৰা ICHR -ৰ পৃষ্ঠপোষকতাত সৰুপথাৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব আৰু ইতিহাস বিভাগৰ উদ্যোগ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ, চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত সৰুপথাৰ মহাবিদ্যালয়ত "জনগাঁথনিৰ ইতিহাস, পৰিৱৰ্তন আৰু সাম্প্ৰতিক অসমৰ বহনক্ষম জনসংখ্যাৰ পুনৰ্গঠন" (The Demographic History :Dynamics and Restructuring of Sustainable Population in Contemporary Assam) শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ সম্পন্ন হয়। 4 নৱেম্বৰত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা মূল অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰাৰ সমান্তৰালকৈ সমল ব্যক্তি অসম বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন মুৰব্বী, বিশিষ্ট গৱেষক তথা সমাজতত্ত্ববিদ ড° জি ৰামে বীজ-ভাষণ আগবঢ়ায়। আলোচনাচক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা শৈক্ষিক পঞ্জীয়ক ড° ৰাজীৱ সন্দিকৈয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জ্ঞানেন্দ্ৰ বৰ্মনে সমল-ব্যক্তি আৰু ICHR-ৰ ড° বিনোদ কুমাৰে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ ICHR-ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ শ্ৰীমুক্তিনাথ শৰ্মা আৰু শ্ৰীপ্ৰবীণ কলিতাও উপস্থিত থাকে। উক্ত দিনটোতেই মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ বাৰ্ষিক আলোচনী (peer reviewed journal) 'পানচৈ' উন্মোচন কৰা হয়। আলোচনাচক্ৰত অসমৰ ভিন্ন প্ৰান্তৰ অধ্যাপক, গৱেষক তথা ছাত্ৰ-ছাত্ৰীসকলে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে নিজৰ গৱেষণামূলক আলোচনাপত্ৰসমূহ পাঠ কৰে। 5 নৱেম্বৰত বহুকেইখন গৱেষণা পত্ৰ পাঠ কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই দুদিনীয়া আলোচনা-চক্ৰৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰে এই সমগ্ৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ICHR-ৰ বিষয়ববীয়াসকল, সন্মানীয় সমন্বয়কদ্বয় ক্ৰমে ড° প্ৰেমকান্ত বৰা, সত্যব্ৰত দত্ত আৰু ড° ৰিদিপ খনিকৰ প্ৰমুখ্যে সংশ্লিষ্ট সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
































