৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখ, মাহৰ প্ৰথমটো শনিবাৰ ।সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এইবাৰৰ মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ল সৰুপথাৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত। উল্লেখ্য যে বছৰৰ প্ৰতিটো মাহৰেই প্ৰথমটো শনিবাৰে সৰুপথাৰ সমজিলাৰ বিদ্যালয়, গ্ৰামাঞ্চলসমূহত ৰাইজৰ সুবিধাৰ্থে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি অহা হৈছে। সৰুপথাৰ মহাবিদ্যালয়ৰ এই উদ্যোগ আৰু সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰত ছাত্ৰ-ছাত্ৰীৰ লগতে বহু ব্যক্তিয়ে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা লাভ কৰাৰ লগতে ঔষধ লাভ কৰিছে।






