৬ জুন, ২০২৬ তাৰিখে জুন মাহৰ প্ৰথম শনিবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু সমজিলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত সৰুপথাৰ সমজিলাৰ নগাজৰী অঞ্চলৰ খনিকৰ গড়গাঁও প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ সফলভাৱে অনুষ্ঠিত হয়। স্বাস্থ্য পৰীক্ষা শিবিৰত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে স্বাস্থ্য পৰীক্ষা কৰিবলা সক্ষম হয় । স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে উপস্থিত লোকসকলৰ সাধাৰণ স্বাস্থ্য পৰীক্ষা, স্বাস্থ্য-সচেতনতা সম্পৰ্কীয় পৰামৰ্শ আৰু প্ৰয়োজনীয় দিহা-নিৰ্দেশনা আগবঢ়ায়। এই শিবিৰৰ জৰিয়তে স্থানীয় ৰাইজে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা লাভ কৰাৰ উপৰিও সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ ক্ষেত্ৰত মূল্যৱান পৰামৰ্শ লাভ কৰে। স্বাস্থ্য শিবিৰত চিকিৎসক, স্বাস্থ্যকৰ্মীৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ববিতা দত্ত উপস্থিত থাকে।





