যাত্ৰা অসীম অনন্ত
ছাত্ৰ-ছাত্ৰীৰ সাফল্য...
২৮ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত ২০২৫-২৬ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বমুঠ ৮ টা পদক লাভ কৰিবলৈ সক্ষম হয়। ঢোল বাদনত প্ৰিন্স গগৈয়ে দ্বিতীয় আৰু সৃষ্টিশীল নৃত্যত বিতোপন শ্বয়ে তৃতীয় স্থান অধিকাৰ কৰে। প্ৰথম বাৰৰ বাবে পাশ্চাত্য সংগীত প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ ছাত্ৰ ধৰণী সোণোৱাল বৰাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাত দুলেশ্বৰে শইকীয়াই প্ৰবন্ধ, চলচ্চিত্ৰ-সমালোচনা আৰু গ্ৰন্থ-আলোচনাত প্ৰথম পুৰস্কাৰ লাভ কৰে। সেইদৰে যুৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি দুলীয়াজান মহাবিদ্যালয়ে আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাত দুলেশ্বৰে শইকীয়াই প্ৰবন্ধ আৰু চলচ্চিত্ৰ- সমালোচনাত ক্ৰমে প্ৰথম আৰু তৃতীয় স্থান লাভ কৰি মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই আনে। স্বাভাৱিকতেই ছাত্ৰসকলৰ এই সফলতাই মহাবিদ্যালয় পৰিয়ালবৰ্গক আনন্দিত কৰিছে। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।









