২৫ মে’, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ যুটীয়া উদ্যোগত আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ (IQAC) সহযোগত এক গুৰুত্বপূৰ্ণ ব্কতৃতানুষ্ঠান সম্পন্ন হয়। মহাবিদ্যালয়খনৰ ডিজিটেল আলোচনা কক্ষত আয়োজিত এই বিশেষ অনুষ্ঠানত 'উত্তৰ-ঔপনিৱেশিক নাৰীবাদ' (Post-Colonial Feminism) শীৰ্ষক বিষয়বস্তুক মূল বিষয় হিচাপে লৈ এক জ্ঞানগৰ্ভ আৰু মনোজ্ঞ ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অপৰ্ণা ভট্টাচাৰ্য।
অসমীয়া আৰু ইংৰাজী দুয়োটা বিভাগৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক সজীৱ বৌদ্ধিক পৰিৱেশলৈ ৰূপান্তৰিত কৰে। বৰ্তমান সময়ৰ সাহিত্য, সমাজতত্ত্ব আৰু সাংস্কৃতিক অধ্যয়নৰ ক্ষেত্ৰত 'উত্তৰ-ঔপনিৱেশিক নাৰীবাদ' এক অত্যন্ত চৰ্চিত তথা গুৰুত্বপূৰ্ণ বিষয়। ড০ অপৰ্ণা ভট্টাচাৰ্যই তেওঁৰ সুদীৰ্ঘ অভিজ্ঞতা আৰু পাণ্ডিত্যৰে এই জটিল বিষয়টোক অতি সৰল আৰু প্ৰাঞ্জল ভাষাত বক্তৃতা প্ৰদান কৰে।







