যাত্ৰা অসীম অনন্ত....
ছাত্ৰ-ছাত্ৰীৰ সাফল্য
১৮ মাৰ্চ, ২০২৬ তাৰিখে যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত অনুষ্ঠিত "প্ৰযত্ন" শীৰ্ষক এলানি মহাবিদ্যালয়/বিশ্ববিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে Vision With A Missionত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। চাৰিজনীয়া এই দলটোৰ ছাত্ৰ-ছাত্ৰীকেইজন আছিল বুৰঞ্জী বিভাগৰ দুলেশ্বৰ শইকীয়া, কুলদীপ গগৈ, সৰিতা ছৌৰংগী আৰু পৰিস্মিতা বৰা। তত্ত্বাৱধায়কদ্বয় যুগল মেধি, কাকুমণি গগৈৰ লগতে ছাত্ৰ-ছাত্ৰীকেইগৰাকীলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে । এই প্ৰতিযোগিতাত মুঠতে পোন্ধৰখন মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে ২০২৫ বৰ্ষটো Vision With A Mission শীৰ্ষক প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।






