শ্বহীদ কুশল কোঁৱৰৰ ৮০ সংখ্যক পুণ্যতিথি উপলক্ষে স্মৃতিচাৰণ সভা

Home >NewsEvent >শ্বহীদ কুশল কোঁৱৰৰ ৮০ সংখ্যক পুণ্যতিথি উপলক্ষে স্মৃতিচাৰণ সভা

সৰুপথাৰ মহাবিদ্যালয়ৰ কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰ আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত আজি পুণ্যাত্মা শ্বহীদ কুশল কোঁৱৰৰ ৮০ সংখ্যক পুণ্য তিথি উপলক্ষে আজি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। যিগৰাকী মহান দেশভক্ত, বীৰ শ্বহীদৰ নামেৰে সৰুপথাৰ অঞ্চলৰ সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান পৰিচয়, সেইগৰাকী মহাত্মা কুশল কোঁৱৰৰ স্মৃতি চাৰণৰ উদ্দেশ্যেৰে আয়োজন কৰা আজিৰ সভাখনত সৰুপথাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই নিৰ্দিষ্ট বক্তা হিচাবে শ্বহীদজনাৰ জীৱন-দৰ্শন সম্পৰ্কে সাৰুৱা ভাষণ প্ৰদান কৰে। গোলাঘাট জিলাৰ সন্মানীয় উপায়ুক্ত ড.উদয় প্ৰবীণ ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে শ্বহীদজনাৰ নাতি শ্ৰীযুত মৃদুল কোঁৱৰ আৰু আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ নয়নমনি শইকীয়া। ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞায়ো শ্বহীদগৰাকীৰ আত্ম বলিদানক সশ্ৰদ্ধ স্মৰণ কৰে। এই সভাতেই কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰই আয়োজন কৰা ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ আৰু নগদ ধনৰ টোপোলা প্ৰদান কৰা হয়। এই পুৰস্কাৰসমূহ শ্ৰীত্ৰিনয়ন ভূঞা আৰু জ্যেষ্ঠ অধ্যাপিকা শ্ৰীযুতা মণিপ্ৰভা বৰা বাইদেৱে আগবঢ়ায়। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক শ্ৰীসত্যব্ৰত দত্তই।

অনুষ্ঠানতে সৰুপথাৰ মহাবিদ্যালয় প্ৰকাশন কোষৰ দ্বাৰা প্ৰকাশিত ড০ অমৰ শইকীয়াৰ দ্বাৰা সম্পাদিত 'সাম্প্ৰতিক প্ৰেক্ষাপটত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি' শীৰ্ষক গ্ৰন্থখনৰ উন্মোচন কৰে 94 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে।