Rajen Phukan Memorial Sabagriha’ Inaugurated at Sarupathar College.

Home >NewsEvent >Rajen Phukan Memorial Sabagriha’ Inaugurated at Sarupathar College.

২৬ আগষ্ট, ২০২৬ তাৰিখে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীবিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰ মহাবিদ্যালয়ত তেখেতৰ স্বৰ্গগত পিতৃ ৰাজেন ফুকনদেৱৰ পৱিত্ৰ স্মৃতিত নিজা ব্যক্তিগত প্ৰচেষ্টা আৰু পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা 'ৰাজেন ফুকন সোঁৱৰণি সভাগৃহ' নামৰ এটি সু-সজ্জিত আলোচনা-কক্ষৰ শুভ উদ্বোধন কৰে। শিক্ষা আৰু সমাজ কল্যাণৰ প্ৰতি থকা তেখেতৰ গভীৰ দায়বদ্ধতাৰ নিদৰ্শনস্বৰূপে আয়োজিত এই উদ্বোধনী কাৰ্যসূচীত মহাবিদ্যালয়খনৰ শিক্ষকমণ্ডলী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহত্তৰ সৰুপথাৰ অঞ্চলৰ বহুকেইগৰাকী শ্ৰদ্ধেয় গণ্য-মান্য ব্যক্তি, শিক্ষানুৰাগী আৰু স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। সুদীৰ্ঘদিন ধৰি সৰুপথাৰ মহাবিদ্যালয়ৰ শৈক্ষিক উত্তৰণ আৰু সামগ্ৰিক আন্তঃগাঁথনিমূলক বিকাশত ধাৰাবাহিকভাৱে অগ্ৰণী ভূমিকা পালন কৰি অহা বিধায়ক ডাঙৰীয়াৰ এই মহান প্ৰয়াসে নিশ্চিতভাৱে মহাবিদ্যালয়খনৰ বিদ্যায়তনিক পৰিৱেশটোক এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ভৱিষ্যতে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সমাজক বিভিন্ন শৈক্ষিক আলোচনা, কৰ্মশালা আৰু বৌদ্ধিক আদান-প্ৰদানৰ ক্ষেত্ৰত বাৰুকৈয়ে উপকৃত কৰিব; যাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিয়ালবৰ্গই বিধায়ক ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছে।