Heritage Awareness Programme 2026 organised by the Department of Archaeology, Government of Assam.

Home >NewsEvent >Heritage Awareness Programme 2026 organised by the Department of Archaeology, Government of Assam.

'আমাৰ ঐতিহ্য আমাৰ গৌৰৱ': ঐতিহাসিক সমল সংৰক্ষণৰ লক্ষ্যৰে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয় খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত সজাগত সভা।

৩০ অক্টোবৰ, ২০২৬ তাৰিখে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয় খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত সম্পন্ন হয় ঐতিহ্য সজাগত অনুষ্ঠান, ২০২৬। পুৱা ৮ বজাতেই ঐতিহাসিক প্ৰত্নতাত্ত্বিক সমলেৰ গৌৰৱ গাথা কঢ়িয়াই ফুৰা বৰপথাৰৰ দুবৰণীৰ আলিচিঙাত অৱস্থিত প্ৰত্নতাত্ত্বিক স্থানত  'ঐতিহাসিক পদযাত্ৰা' কাৰ্যসূচী গ্ৰহণ কৰে। সৰুপথাৰ মহাবিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰীসহ প্ৰত্নতত্ত্ব সঞ্চালকৰ বিষয়ববীয়াসকলে হাতে হাতে প্লেকাৰ্ড লৈ পদযাত্ৰা কৰে ঐতিহাসিক স্থানত। পদযাত্ৰাত অংশ লয় অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড° নৱজিৎ দেউৰী, সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্ত, সহকাৰী অধ্যাপক বিপুল দাসৰ লগতে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়ববীয়াসকলে। পদযাত্ৰাত 'আমাৰ ঐতিহ্য আমাৰ গৌৰৱ' মূল শ্লোগান হিচাপে লৈ পদযাত্ৰা উলিয়ায়। উল্লেখ্য যে অসমৰ প্ৰত্নতত্ত্বত সৰুপথাৰ সমজিলাৰ দৈয়াং ধনশিৰি উপত্যকাৰ বিশেষ গুৰুত্ব আছে। এই অঞ্চলৰটোৰ প্ৰাচীন দুৰ্গ প্ৰতিৰক্ষা ব্যৱস্থা, ধর্মীয় আচাৰ অনুষ্ঠান, স্থানীয় শিল্পকলাৰ পৰম্পৰাৰ পৰা উদ্ধৃত শৈল্য ভাস্কর্য, মৃৎপাত্র, পুৰামাটিৰ চানেকী আৰু-অন্যান্য সামগ্ৰী আৰু ভৌগোলিক বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ এই উপত্যকা এক গুৰুত্বপূৰ্ণ অধ্যয়নৰ ক্ষেত্ৰ। তথ্য অনুসৰি ২০০১-২০০২ চনত অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে চলোৱা অন্বেষণৰ সময়ত দুৱৰনি প্রত্নতাত্ত্বিক স্থানত এটা মন্দিৰৰ অৱশিষ্ট আৰু ইটাৰ দেৱাল আৱিস্কাৰ কৰা হয়। চাৰিওফালে এই দেৱালসমূহে মন্দিৰটোত প্রদক্ষিণপথ (মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ পথ) আৰু গৰ্ভগৃহ (মূল উপসনাস্থলী) থকাৰ প্ৰমাণ দাঙি ধৰে।

সমান্তৰালকৈ অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয় খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত ঐতিহ্য সজাগত অনুষ্ঠানৰ অংশ হিচাপে সৰুপথাৰ মহাবিদ্যালয়ৰ 'সংগ্ৰহালয়' (Museum) দৰ্শন কাৰ্যসূচী গ্ৰহণ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থানসমূহৰ আলোকচিত্ৰ প্ৰদৰ্শনীৰ ব্যৱস্থাও কৰে বিভাগটোৱে। 'ছায়াচিত্ৰ প্ৰদৰ্শনী' নামেৰে আলোকচিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। ইয়াৰ পিছতেই সজাগত সভা আৰম্ভ হয়। বন্তি প্ৰজ্বলনৰ লগে লগে বন্দে মাতৰম ৰাষ্ট্ৰীয় গীত, অসম সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড° নৱজিৎ দেউৰী  আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। সমান্তৰালকৈ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসৱৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈয়ে দৈয়াং-ধনশিৰিৰ ঐতিহ্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে। বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্ত আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে দৈয়াং-ধনশিৰিৰ ইতিহাস আৰু ঐতিহ্যৰ ওপৰত সাৰগৰ্ভ আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। সদৌ শেষত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ববিতা দত্তই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই ৰাষ্ট্ৰীয় গীত পৰিৱেশনেৰে অনুষ্ঠানৰ সমাপ্তি হয়।