২ মাৰ্চ, ২০২৬ তাৰিখে যোৰহাটৰ বেচৰকাৰী সংস্থা 'কৃষ্টিৰ কঠীয়া'ৰ উদ্যোগ তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ(ONGC) সহযোগত সৰুপথাৰ মহাবিদ্যালয়ত এটি কাঠফুলা(মাশ্বৰুম) উৎপাদন কেন্দ্ৰ আৰম্ভ কৰা হয়। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা শ্ৰীপ্ৰদ্যুম্ন বৰাই ছাত্ৰ-ছাত্ৰীসকলক কাঠফুলাৰ উপকাৰিতাৰ লগতে উপাৰ্জনৰ এক লাভজনক আহিলা হিচাপে বিস্তৃত বৰ্ণনা আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলে অতি উৎসাহেৰে এই প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ শিক্ষক ড০ সন্ধান হাজৰিকাই আঁত ধৰা এই কাৰ্যসূচীত অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ, ড০ ববিতা দত্ত, ৰিণি বেনাৰ্জী, জেৰী টিমুংপীৰ লগতে প্ৰকল্প সমন্বয়ক প্ৰাচুৰ্য বৰা, সমল-ব্যক্তিদ্বয় কাকুমণি শইকীয়া আৰু প্ৰবীণ বৰা উপস্থিত থাকে । তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক কাঠফুলা উৎপাদনৰ প্ৰাৰম্ভিক কৌশল আৰু বিজ্ঞানসন্মত পদ্ধতিসমূহৰ বিষয়ে চমু আভাস দিয়ে। প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰথম দিনৰ কাৰ্যসূচীত মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। থলুৱা পদ্ধতিৰে কেনেকৈ কম সময়ৰ ভিতৰত কাঠফুলা উৎপাদন কৰি উৎপাদনমুখী হ’ব পাৰি, সেই বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট কৌতুহল প্ৰকাশ কৰা পৰিলক্ষিত হয়।









