গীত-মাতেৰে জীপাল সৰুপথাৰ মহাবিদ্যালয়ৰ বাকৰি।

Home >NewsEvent >গীত-মাতেৰে জীপাল সৰুপথাৰ মহাবিদ্যালয়ৰ বাকৰি।
যাত্ৰা অসীম অনন্ত...
২৯ জুন, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত প্ৰতি বছৰৰ দৰেই এইবাৰো অনুষ্ঠিত হ'ল সদৌ অসম ভিত্তিক প্ৰাইজমানি ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সঙ্গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৫ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিচাৰকৰ আসনত আছিল সৰ্বশ্ৰী কবীন্দ্ৰ দাস, স্বপ্না বৰুৱা মহন্ত আৰু তৰুণ শৰ্মা ডাঙৰীয়া। সংগীত প্ৰতিযোগিতাত প্ৰথম স্হান লাভ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া কলেজৰ প্ৰীতম দত্ত। সেইদৰে নৃত্য প্ৰতিযোগিতাত সৰুপথাৰ সুশান্ত শইকীয়াই প্ৰথম স্হান অধিকাৰ কৰে। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ, ড০ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল দত্ত আৰু সাংস্কৃতিক বিভাগৰ উপদেষ্টা প্ৰশান্ত পোদ্দাৰ, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড০ ৰিদিপ খনিকৰ আৰু শিক্ষক-কৰ্মচাৰীসকলৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠানটিৰ সফল সমাপ্তি হয়।