৩০ এপ্ৰিল, ২০২৬ সৰুপথাৰ কলেজ শিক্ষক গোটে আয়োজন কৰা এক বক্তৃানুষ্ঠান আই.আই.টি, গুৱাহাটীৰ অধ্যাপক, ৰেংলাৰ অনুপম শইকীয়াই গণিত শিক্ষণ আৰু গণিত সম্পৰ্কে থকা ছাত্ৰ-ছাত্ৰীৰ শংকা নিৰ্মূলকৰণ বিষয়ক এটি মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। উক্ত বক্তৃানুষ্ঠানত সৰুপথাৰ মহাবিদ্যালয়ৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অতি সক্ৰিয়তাৰে অংশগ্ৰহণ কৰে। ৰেংলাৰ অনুপম শইকীয়াৰ দৰে এজন বিদ্বান ব্যক্তিৰ বিৰল সান্নিধ্যত সকলোৱে সমৃদ্ধ হৈছে। খুবেই প্ৰয়োজনীয় এটা গুৰুত্বপূৰ্ণ বিষয় নিৰ্বাচন কৰাৰ বাবে শিক্ষক গোটৰ সভাপতি শ্ৰীপৰাগ ভূঞা, ড০ ৰিদিপ খনিকৰ, ড০ ববিতা দত্ত প্ৰমুখ্যে শিক্ষকবৃন্দলৈ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।





