19 মে', 2026 তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ অন্যতম উচ্চশিক্ষাৰ কঠিয়াতলী সৰুপথাৰ মহাবিদ্যালয়ত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মহাবদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী , আভ্যন্তৰীণ মাণ নিৰ্ণায়ক কোষ (IQAC) আৰু ছাত্ৰ একতা সভাৰ সহযোগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় উত্তৰ পূৰ্বাঞ্চল ভিত্তিক তৰ্ক প্ৰতিযোগিতা। তৰ্কৰ বিষয় ; সদনৰ মতে “উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত একক নাগৰিক সংহিতাৰ(UCC)প্ৰৱৰ্তনে আমূল পৰিৱৰ্তন সাধন কৰিব৷"
"In opinion of the house,the introduction of the uniform civil code will bring about radical changes in the context of the North East."
ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, Loreto Convent, Shillong, Institute of Mass Communication and Media Studies,Guwahati, Arunodoi Academy, Sivsagar, বাহনা কলেজ, কে.চি দাস কমাৰ্চ কলেজৰ পৰা মুঠ ১৮ গৰাকী তাৰ্কিকে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাখন অতি সময়োপযোগী বিষয়ত সপক্ষে -বিপক্ষে তুমুল বাকুযুদ্ধ হয়। অধ্যক্ষৰ আসন অলংকৃত কৰিছিল ড° মহাশ্বেতা দেৱী, বিচাৰক হিচাপে আছিল উজনি অসমৰ বিশিষ্ট সাংবাদিক কৌস্তুভমণি কাকতি, বিশিষ্ট তাৰ্কিক, তাত্ত্বিক বিশ্লেষক ত্ৰিদিপ ভাগৱতী, বিশিষ্ঠ তাৰ্কিক তথা গৱেষক ছাত্ৰ প্ৰাঞ্জল প্ৰতিম ডেকা।
প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ তাৰ্কিক কে.চি দাস কমাৰ্চ কলেজৰ নিখিল মহেশ্বৰীয়ে লাভ কৰে। দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে যুটীয়াকৈ কটন বিশ্ববিদ্যালয়ৰ গীতাৰ্থ বৰা, বাহনা কলেজৰ দীপাংকৰ শইকীয়াই লাভ কৰে। তৃতীয় শেষ্ঠ তাৰ্কিক হিচাপে যুটীয়াভাৱে কটন বিশ্ববিদ্যালয়ৰ জিত পাঠক, সতী সাধনী বিশ্ববিদ্যালয়ৰ দিব্যজ্যোতি নাথে লাভ কৰিবলৈ সক্ষম হয়। সমান্তৰালকৈ শ্ৰেষ্ঠ দল হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ সুদীপ্ত শইকীয়া আৰু ৰাহুল ৰোহন পালে অৰ্জন কৰে। দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীৰ ৰিমাল আৰু উৎপলজ্যোতি বৰাই লাভ কৰিবলৈ সক্ষম হয়। বিচাৰকৰ প্ৰশ্নত শ্ৰেষ্ঠ উত্তৰ দিবলৈ সক্ষম হোৱা কটন বিশ্ববিদ্যালয়ৰ গীতাৰ্থ বৰাই জুৰিৰ বিশেষ বটাঁ (JURY Award) পাবলৈ সক্ষম হয়


















