সৰুপথাৰ মহাবিদ্যালয়ত হস্তকলা প্ৰশিক্ষণৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ত হস্তকলা প্ৰশিক্ষণৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত।

সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগত ২০ জুলাইৰ পৰা ২৬ জুলাই তাৰিখলৈকে অনুষ্ঠিত হৈছে হস্তকলা বিষয়ক সাতদিনীয়া কৰ্মশালা (ART & CRAFT Workshop)। মহাবিদ্যালয়খনৰ লগতে সৰুপথাৰৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিপুল উৎসাহেৰে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনত সমল ব্যক্তি তথা প্ৰশিক্ষক হিচাপে উপস্থিত থাকি শ্ৰীযুতা ৰঞ্জুমণি তামুলীয়ে অংশগ্ৰহণকাৰীসকলক পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি আৰু অতি কম খৰচতে কেনেদৰে বিভিন্ন ধৰণৰ সুন্দৰ তথা সৃজনীমূলক সামগ্ৰী প্ৰস্তুত কৰিব পাৰি, সেই সম্পৰ্কে হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৰ্তমান সময়ত জনপ্ৰিয় পট পেইন্টিং (Pot Painting), টেৰাকোটা আৰ্ট (Terracotta Art), পেপাৰ ক্ৰাফ্ট (Paper Craft) আৰু পেলনীয়া বস্তুৰ পৰা নান্দনিক সামগ্ৰী নিৰ্মাণ কৰা (Best out of waste) আদি আকৰ্ষণীয় বিষয়সমূহ এই কৰ্মশালাত সাৱলীলভাৱে শিকোৱাৰ প্ৰয়াস কৰা হৈছে, যাতে অংশগ্ৰহণকাৰীসকলে নিজৰ সৃষ্টিশীল মনটোক এক সঠিক মাত্ৰা প্ৰদান কৰাৰ লগতে ভৱিষ্যতে ইয়াক স্বাৱলম্বীতাৰ এক পথ হিচাপেও গ্ৰহণ কৰিব পাৰে। আজিৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ, অসমীয়া বিভাগৰ মুৰব্বী ড° ববিতা দত্ত, ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ৰিণি বেনাৰ্জী, গ্ৰন্থাগাৰিক স্মিতা চেতীয়া, দেওপানী মহাবিদ্যালয়ৰ অধ্যাপিকা মনামী পৰাশৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকল।