ছাত্ৰ একতা সভাৰ উদ্য়োগত বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৬ আৰম্ভ ।

Home >NewsEvent >ছাত্ৰ একতা সভাৰ উদ্য়োগত বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৬ আৰম্ভ ।

১৯ জানুৱাৰী ২০২৬ তাৰিখৰ পৰা সৰুপথাৰ মহাবিদ্য়ালয়ৰ ছাত্ৰ একতা সভাৰ উদ্য়োগত বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৬ আৰম্ভ হয়। ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত হব বাৰ্ষিক ক্ৰীড়া সপ্তাহ। 

১৯ তাৰিখে পুৱা মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ ড০ প্ৰাপ্তি ঠাকুৰে  পতাকা উত্তোলন কৰি ছাত্ৰ একতা সভাৰ উদ্য়োগত অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহ সম্পৰ্কে চমুকৈ ভাষণ প্ৰদান কৰে। পৰৱৰ্তী সময়ত বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালৈক ছাত্ৰ একতা সভাৰ সভাপতি দেৱযানী গগৈয়ে ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে। ২০২৬ বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত ছাত্ৰ শ্ৰী মনোজ বসুমতাৰী আৰু মহাবিদ্যালয়ৰ ছাত্ৰী শ্ৰীমতী লক্ষীমণি দত্তই অলিম্পিক শিখা প্ৰজ্বলন কৰি ক্ৰীড়া সপ্তাহৰ শুভাৰম্ভ কৰে।