সৰুপথাৰ সমজিলাৰ উচ্চশিক্ষাৰ বটবৃক্ষ সৰুপথাৰ মহাবিদ্যালয়। 'যাত্ৰা অসীম অনন্ত' বাণীৰে সৰুপথাৰ সমজিলাত জিলিকি ৰোৱা সৰুপথাৰ মহাবিদ্যালয়খনে সৃষ্টি কৰি আহিছে মানৱ সম্পদ। ১৯ জানুৱাৰী ২০২৬ তাৰিখৰ পৰা সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৫-২৬ আৰম্ভ হৈছিল। ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলে ক্ৰীড়া, সাহিত্য, সংগীত, নৃত্য ইত্যাদিৰ দিশত স্বপ্ৰতিভা উজ্জীৱিত কৰিবলৈ সুযোগ লাভ কৰিছিল। সৰুপথাৰ মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি ছাত্ৰ একতা সভাৰ উদ্যোগত ৭ ফেব্ৰুৱাৰী তাৰিখে এটি 'বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা'ৰ আয়োজন কৰা হয়। মহাবিদ্যালয় বাকৰিৰ পৰা সৰুপথাৰ নগৰলৈ এই শোভাযাত্ৰাত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত মহাবিদ্যালয়ৰ মুঠ আঠোটাকৈ বিভাগে অংশগ্ৰহণ কৰে। প্ৰতিটো বিভাগৰে বিষয় নিৰ্বাচন আৰু প্ৰদৰ্শন আছিল অতি সুন্দৰ। বিভাগ অনুসৰি বিষয়সমূহ আছিল ক্ৰমে অসমীয়া বিভাগ 'জনসমাজৰ পৰা বিশ্বদৰবাৰলৈ', অৰ্থনীতি বিভাগ 'সত্ৰনগৰী বৰপেটাৰ সংস্কৃতি', বুৰঞ্জী বিভাগ 'ধনশিৰি আৰু ধনশিৰি পৰীয়া ঐতিহ্য', ৰাজনীতি বিজ্ঞান বিভাগ ' অসমীয়া সমাজৰ বিবাহ পৰম্পৰা', 'শিক্ষাতত্ব বিভাগ 'মানৱ সভ্যতাৰ বিবৰ্তন ', ইংৰাজী বিভাগ 'অসমৰ পৰম্পৰাগত সংস্কৃতি', সমাজতত্ত্ব বিভাগ 'অসমৰ সংস্কৃতি', আৰু বাণিজ্য শাখা 'Exploring Dark Web'। শোভাযাত্ৰাত প্ৰথম স্থান লাভ কৰে 'ৰাজনীতি বিজ্ঞান বিভাগে', দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰে 'অসমীয়া বিভাগ' আৰু 'ইতিহাস বিভাগে' আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে 'অৰ্থনীতি বিভাগ' আৰু 'শিক্ষাতত্ব' বিভাগে। সমান্তৰালকৈ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ প্ৰতিযোগিতাসমূহত স্থান লাভ কৰা প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰা হয়। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ মায়ঙ্ক আগৰৱাল, ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় শিক্ষাতত্ব বিভাগৰ জয়শ্ৰী বৰা। মহাবিদ্যালয়খনৰ শ্ৰেষ্ঠ সংগীত প্ৰতিযোগী হিচাপে বিবেচিত অসমীয়া বিভাগৰ কৃষ্ণামণি দত্ত , শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে বিবেচিত হয় ইতিহাস বিভাগৰ দুলেশ্বৰ শইকীয়া। ইপিনে সৰ্বাধিক সোণৰ পদক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ পদকেৰে শ্ৰেষ্ঠ বিভাগ ২০২৬ হিচাপে জিলিকিল ইতিহাস বিভাগ










