সৰুপথাৰ মহাবিদ্যালয়ৰ তাঁতশালত ছাত্ৰী শিপিনীৰ দ্বাৰা কাপোৰ বৈ উলিয়াই নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে।
সমাজতত্ত্ব বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী সংগীতা তালুকদাৰে মহাবিদ্যালয় বন্ধ দিনৰ লগতে আজৰি সময়ত তাতঁশালত সময় দি বৈ উলিয়াইছে কাপোৰ। ছাত্ৰীগৰাকীৰ আগ্ৰহ আৰু আন্তৰিকতাই মুগ্ধ কৰিছে অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ক।






