গোলাঘাট জিলাৰ খুমটাইত অৱস্থিত জয়া গগৈ মহাবিদ্যালয়ত ০৯ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হৈছিল অসম কলেজ শিক্ষক সংস্থা গোলাঘাট মণ্ডলৰ শিক্ষক-কৰ্মচাৰী আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা। অসম কলেজ শিক্ষক সংস্থা গোলাঘাট মণ্ডলৰ শিক্ষক-কৰ্মচাৰী আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয় চূড়ান্ত বিজয়ী হয়। গোলাঘাট কমাৰ্চ কলেজৰ আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাখনত দুয়োটা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰে। প্ৰতিযোগিতাখনত সৰুপথাৰ মহাবিদ্যালয়ে চূড়ান্ত বিজয় অৰ্জন কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে জয় লাভ কৰে। প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ ড° ৰিদিপ খনিকৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ লগতে ড° প্ৰেমকান্ত বৰাই শ্ৰেষ্ঠ লিফটাৰ বঁটা লাভ কৰে। প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা প্ৰশান্ত পোদ্দাৰ নেতৃতাধীন দলটিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰে আজি আনুষ্ঠানিক সম্বৰ্ধনা জনায়। দলটিত থকা খেলুৱৈসকল ক্ৰমে- প্ৰশান্ত পোদ্দাৰ (কেপ্তেইন), সত্যব্ৰত দত্ত, ড° প্ৰেমকান্ত বৰা, ড° ৰিদিপ খনিকৰ, হেমন্ত গগৈ, পৰাগ ভূঞা, ড° সন্ধান হাজৰিকা আৰু কাৰ্যালয় সহায়ক উৎপল সন্দিকৈ।





