যোৱা ১৯ ডিচেম্বৰ, ২০২৪ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ পশু কল্যাণ সমিতিৰ উদ্যোগ তথা মহকুমা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পূব নাওজানৰ বেতনি অঞ্চলত এটি প্ৰতিষেধক প্ৰদান শিবিৰৰ লগতে কৃষক সজাগতামূলক সভা এখন অনুষ্ঠিত হয়। প্ৰায় ২০০ গৰাকী কৃষকে অংশগ্ৰহণ কৰা এই সভাখনত মহকুমা পশু চিকিৎসা বিষয়া শ্ৰীযুত সন্ধান হাজৰিকা, খণ্ড পশু চিকিৎসা বিষয়া উপাসনা বৰুৱা, সহকাৰী বিষয়া পবিত্ৰ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। এই শিবিৰৰ জৰিয়তে ৩৫ ঘৰ কৃষকৰ ৮৫ টা গৰুক চবকা বেমাৰৰ প্ৰতিষেধক প্ৰদান কৰা হয় আৰু কৃষকসকলৰ সৈতে বিভিন্ন ধৰণৰ বেমাৰ আৰু এইবোৰৰ প্ৰতিকাৰ সম্পৰ্কে আলোচনা কৰা হয়। মহাবিদ্যালয়ৰ হৈ উপস্থিত থাকে সৰ্বশ্ৰী সত্যব্ৰত দত্ত, অগ্নি ছেত্ৰী, সুমন চৌধুৰী, ৰাজেশ তালুকদাৰ আৰু প্ৰীতম দত্ত। এই সমগ্ৰ কাৰ্যসূচী অতি দায়িত্ব সহকাৰে নিয়াৰিকৈ সম্পন্ন কৰে সৰুপথাৰৰ উদ্য়মী যুৱক শ্ৰীসুমন চৌধুৰীয়ে।