যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ দায়বদ্ধতা......
১৫ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাজ বড়ো, সাংস্কৃতিক সম্পাদক দেবাংগ গগৈ আৰু সদস্য আলবেনা মুছাহাৰীয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত বান সাহায্য হিচাপে ষাঠি হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। এই ধনৰাশি তেওঁলোকে ২০২৬-২৭ বৰ্ষৰ নৱাগত আদৰণী সভাৰ বাবে থকা নিৰ্ধাৰিত পুঁজিৰ পৰিমাণৰ পৰা ৰাহি কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলৰ আটাইতকৈ হেঁপাহৰ নৱাগত আদৰণী সভাখন এইবাৰ তেওঁলোকে বাহুল্য বৰ্জন কৰি অনুষ্ঠিত কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলৰ সমাজৰ প্ৰতি থকা এই দায়বদ্ধতাৰ শলাগ লয় অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে।


