458th Tirobhav Tithi of Srimanta Sankardeva Observed at Sarupathar College.

Home >NewsEvent >458th Tirobhav Tithi of Srimanta Sankardeva Observed at Sarupathar College.

প্ৰতি বছৰৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এক আধ্যাত্মিক আৰু ভক্তিৰসৰ মাজেৰে এই বৰ্ষৰো ১২ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত অসমীয়া সমাজ জীৱনৰ প্ৰাণ-প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ তিথি অতি শ্ৰদ্ধাৰে উদযাপন কৰা হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ উপস্থিতিয়ে দিনটিৰ গুৰুত্ব অধিক বৃদ্ধি কৰে। গুৰুজনাৰ মহান আদৰ্শ আৰু অৱদানক সুঁৱৰি সকলোৱে একগোট হৈ গভীৰ ভক্তিভাৱেৰে নাম-প্ৰসংগ কৰে।

মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰগীত আৰু দিহানাম প্ৰতিযোগিতাৰো এক সুন্দৰ আয়োজন কৰে। খোল-তাল আৰু ডবা-শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰা মহাবিদ্যালয়ৰ চৌহদটোৱে এক সুন্দৰ বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ সুৱদী কণ্ঠৰ বৰগীত আৰু ভক্তিপ্ৰাণ দিহানামে উপস্থিত সকলোৰে মন-প্ৰাণ চুই যাবলৈ সক্ষম হয়।

বৰ্তমানৰ আধুনিক সমাজ ব্যৱস্থাত নৱপ্ৰজন্মৰ মাজত দেখা পোৱা এনে আধ্যাত্মিক জীৱন-চৰ্যা, সংস্কৃতিপ্ৰেম আৰু গুৰুজনাৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা-ভক্তি সঁচাকৈয়ে এক আশাব্যঞ্জক বিষয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গুৰুজনাৰ এই অমূল্য কৃষ্টি-সংস্কৃতি আৰু ভক্তিমাৰ্গৰ প্ৰভাৱ ভৱিষ্যতেও যেন এনেদৰেই অব্যাহত থাকে আৰু ই তেওঁলোকক এক সুন্দৰ, নৈতিক তথা শৃংখলাবদ্ধ জীৱন গঢ়াত সহায় কৰিব।