সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণ।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণ।
সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত শিক্ষামূলক ভ্ৰমণ কৰে। ১২ ফেব্ৰুৱাৰী তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তত্বাৱধায়ক ড০ অমৰ শইকীয়াৰ নেতৃত্বত ২৮ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে শিক্ষামূলক ভ্ৰমণ কৰে। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলক ক্ষেত্ৰভিত্তিক অধ্যয়ন, শিক্ষামূলক ভ্ৰমণৰ যোগেদি জ্ঞান আহৰণ ইত্যাদি দিশত অসমীয়া বিভাগে উদ্যোগ গ্ৰহণ কৰি আহিছে। বৃহস্পতিবাৰে অসমীয়া বিভাগৰ ২৮ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে। প্ৰথমেই তেওঁলোকে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত অৰ্কিডৰ প্ৰজাতি, ধানৰ কেইবাটাও প্ৰজাতি, অসমীয়া সমাজত প্ৰচলিত ১০১ বিধ শাকৰ বাগিচা, অসমীয়া লোক-বাদ্য, জনগোষ্ঠীয় সাজ-পাৰ, সংগ্ৰহালয় আদি পৰিদৰ্শন কৰাৰ লগতে তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছতেই এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভ্ৰমণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় উদ্যানত কিদৰে জীৱ-জন্তুসমূহ সংৰক্ষণ কৰি ৰখা হৈছে সেই দিশসমূহ প্ৰত্যক্ষ কৰে। লগতে জীৱ-জন্তুৰ প্ৰতি মানুহে গ্ৰহণ কৰিবলগীয়া দায়িত্ববোধৰ প্ৰতি সজাগ বৃদ্ধি হয়। জীৱ-জন্তুৰ প্ৰতি সমাজত বিভিন্ন সময়ত হোৱা অত্যাচাৰ, শোষণ, অমানৱীয়তা, নিৰাশ্ৰয় ইত্যাদি দিশসমূহৰ ওপৰতো ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সজাগতাৰ আদৰ্শ গ্ৰহণ কৰিব পাৰিছে। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ সুবিধাৰ্থে জীপ ছাফাৰিৰ যোগেদি স্থানীয় ব্যক্তিৰ নিয়োগ পোৱা বিষয়েও তেওঁলোক অৱগত হৈছে। পূৰ্বনিৰ্ধাৰিত প্ৰশ্নসূচী অনুসৰি জৈৱ-বৈচিত্ৰ আৰু সংৰক্ষণৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় ব্যক্তিৰ সৈতে আলোচনা কৰে। ইয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে আলোচনাপত্ৰ প্ৰস্তুত কৰি সমল ব্যক্তিৰ সন্মুখত দাঙি ধৰিব পাৰি। সমান্তৰালকৈ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ উদ্যানত অৰ্কিড সম্পৰ্কে জ্ঞান লাভ কৰাৰ ওপৰি অসমৰ সাংস্কৃতিক দিশত জড়িত হৈ জাতি-জনগোষ্ঠীয় বহু যুৱক-যুৱতীয়ে বৃত্তিমুখী হোৱাৰ বিষয় ছাত্ৰ-ছাত্ৰীসকলে অৱগত হৈছে।