মহাবিদ্যালয়-সংগীত

সৰুপথাৰ কলেজৰ মহাবিদ্যালয়-সংগীত

Home >About >College Anthem

মহাবিদ্যালয়-সংগীত

কথা : অৰুণ চন্দ্ৰ দুৱৰা

প্রাক্তন উপাধ্যক্ষ, সৰুপথাৰ মহাবিদ্যালয়

সুৰ : তৰুণ শৰ্মা পূজাৰী

প্রাক্তন ছাত্র, সৰুপথাৰ মহাবিদ্যালয়


বহুজনৰ ঘামেৰে জীপাল
দৈয়াঙৰ পৃষ্ঠভূমি
অজ্ঞতা নাশি জ্ঞানৰ বন্তি
জ্বলোৱাৰ প্ৰতিশ্ৰুতি,
সোণালী আশা বুকুত লৈ
তীৰ্থ তোমাৰ জন্ম।
স্ৰষ্টাই তোমাক সজালে-পৰালে
প্ৰজন্মক দিবা জ্যোতি।
তোমাৰ বুকুতেই সৃষ্টি হ'ব
সমন্বয়ৰ কৃষ্টি।।
তোমাৰ কণ্ঠত নিনাদি উঠক
'কুশলৰ' মুকুতি মন্ত্ৰ৷
তোমাৰ চৌদিশে আছে জিলিকি
ইতিহাসৰ মাণিক-মুকুতা।
ধনশিৰি-ৰেংমাৰ তৰঙ্গ ৰাশিয়ে
প্ৰচাৰে গুণ-গৰিমা।।
সমাজৰ অতন্দ্ৰ প্ৰহৰী তুমি
যাত্রা অসীম, অনন্ত...